Current Affairs for October,2025/সাম্প্রতিক ঘটনাৱলী,অক্টোবৰ-২০২৫
Current Affairs for October,2025
সাম্প্রতিক ঘটনাৱলী,অক্টোবৰ-২০২৫
By, Hemen Sarma,Your Bro cum Mentor for Civil Services.
(All Topics are given first in English Medium and then in Assamese Medium.Some Mains specific questions are given at the last.)
(সকলোবোৰ বিষয়বস্তু প্ৰথমতে ইংৰাজী মাধ্যম আৰু তাৰ পিছত অসমীয়া মাধ্যমত দিয়া হৈছে।শেষৰফালে মূল পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছুমান প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে।)
1) a) FM says that Nation must prepare to deal with Stablecoins.
A Stablecoin is a crypto asset that aims to maintain a stable value relative to a specified asset,or a pool of assets.
These assets could be a monetary unit of account such as the Dollar or Euro,a currency basket,a commodity such as gold or unpacked crypto assets.
This stability can also be achieved only if a centralised institution is in charge of issuing (minting) and redeeming(burning) these crypto assets.
b) RBI is launching pilot projects of its own Central Bank Digital Currency (CBDC).
CBDCs are cryptocurrencies issued by central banks and have the same legal backing as official currency.
2) India's initiatives towards a Green Future.
i) India's leadership in establishing International Solar Alliance(ISA).
ii) Futuristic Solutions:- Battery-integrated renewables, decentralised grids and green hydrogen technologies.
iii) Finance Mechanisms:-
a) Green, social, sustainability and sustainability-linked (GSS+) debt issuance e.g. Green Bonds.
b) Sovereign Green Bonds and SEBI regulated social bonds.
iv) India is successful in solar energy auctions under the Solar Park Scheme.
v) India’s new Carbon Credit Tradi
ng Scheme:Established in 2023,it is a market-based mechanism to reduce Greenhouse Gas (GHG) emissions by pricing them and trading Carbon Credit Certificates (CCCs).
3) Preventive Detention is bad.
Articles 22(3) – (7) constitutionalise preventive detention.
This is anti-thesis to liberty, equality and due process of law.
---->Historical Connotations:-
i) Bengal Regulations of 1818 devised by the British to maintain colonial control.
ii) The Government of India Act, 1935 empowered provincial legislatures to enact preventive detention laws in the interest of “public order”.
Article 22 became an “authoritarian penal colony” or a “Devil’s Island” in India’s constitutional geography — isolated from the ocean of fundamental rights.
Maneka Gandhi vs Union of India (1978) Judgement held that “procedure established by law” must mean fair, just and reasonable due process, and that fundamental rights must be read as a unified whole.
Preventive Detention should be confined strictly to combating grave threats such as terrorism and transnational drug cartels and not used as a routine administrative tool.
4) Mental Health and India:
National Crime Records Bureau(NCRB)'s Accidental Deaths and Suicides in India (ADSI) 2023 report, there were 1,71,418 suicides in India,a rise of 0.3% from the previous year.
India’s mental health system needs attention.
India has 0.75 psychiatrists for 1,00,000 people.A/c to WHO,it should be minimum of 1.7.
Ideally it should be three per 1 lakh population.
The Mental Healthcare Act (2017) decriminalised suicide and guaranteed mental health care.
Manodarpan-A school based psycho-social support scheme.
5) Supreme Court of India addressed the concerns of the Dongoria Kondh tribe who resisted plans for bauxite mining in the sacred Niyamgiri Hills of Odisha.
The Court ordered a referendum in the affected gram sabhas which unanimously voted against the project. The Court upheld the competence of the gram sabha to safeguard and preserve the traditions of the community, their cultural identity, community resources and community modes of dispute resolution.
Several countries (Bolivia, Colombia, Ecuador and New Zealand) have adopted a new legal approach called ‘earth jurisprudence’ or ‘rights of nature’ which grants rights to non-human natural entities (rivers, forests, mountains, and various ecosystems), recognising them as subjects of rights holders.
6) Big Tech's Contempt for India's Public Health:
It took 27 years before India tackled the issue through the Drugs and Magic Remedies (Objectionable Advertisements) Act (DMRA), 1954. This law prohibits any advertisements of any drugs, whether approved or not by the regulator, for a list of 54 medical conditions. For example, the law prohibits the advertisement of any drug for the treatment of diabetes, regardless of whether its efficacy has been clinically established.
7) Cyclone Montha hit Andhra Pradesh.
8) Cloud-seeding trials held to check drop in air quality in Delhi.
9)India and ASEAN also committed to finalising the review of the ASEAN-India Trade in Goods Agreement (AITIGA) soon.
10) 130th Amendment to the Indian Constitution:-
The central government recently introduced the Constitution (One Hundred And Thirtieth Amendment) Bill in Parliament to amend Article 75, Article 164 and Article 239AA of the Constitution which pertain to the Union Council of Ministers, State Council of Ministers and the special administrative provisions for Delhi, respectively. The Bill has been referred to a Joint Parliamentary Committee.
The Bill provides that in case a Minister is arrested and detained in custody for 30 consecutive days, for an alleged offence punishable with imprisonment which may extend up to five years or more, he shall be removed from office by the President, on the advice of the Prime Minister, which is to be tendered by the 31st day of such custody. Or, he shall cease to be a Minister in case such advice is not tendered by then. A similar provision is provided for Ministers in State Assemblies, who shall be removed by the Governor on the advice of the Chief Minister. In the case of the Prime Minister and Chief Minister of a State, they are required either to tender their resignation by the 31st day or else shall (automatically) cease to be the Prime Minister or Chief Minister of a State.
১)
ক) বিত্ত মন্ত্ৰীয়ে কয় যে ভাৰতে ষ্টেবলকইন(Stablecoin)ৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত হ’ব লাগিব।
ষ্টেবলকইন হৈছে এটা ক্ৰিপ্টো সম্পদ যিয়ে এটা সুস্থিৰ মূল্য বজাই ৰখাৰ লক্ষ্য ৰাখে।মানৰ বেছি উচ্চ-নীচ নোহোৱা কিছুমান সম্পদৰ লগত সামঞ্জস্য ৰাখি ষ্টেবলকইনৰ মূল্য নিৰ্ধাৰণ কৰা হয়।এই সম্পদসমূহ হ'ব পাৰে ডলাৰ, ইউৰো বা অন্য মুদ্ৰাৰ এক সমষ্টি অন্যথা সোণ বা অন্য ক্ৰিপ্টো সম্পদ।
এই স্থিৰতা তেতিয়াহে সম্ভৱ হ'ব যেতিয়া কোনো প্ৰতিষ্ঠানে এই ক্ৰিপ্টো সম্পদসমূহ জাৰি কৰা (মিন্টিং) আৰু ৰিডিম(বাৰ্নিং) কৰাৰ দায়িত্ব কেন্দ্ৰীয়ভাৱে পালন কৰে।
খ) আৰ. বি. আই.য়ে নিজাকৈ চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চী (চিবিডিচি) নামৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে।
চিবিডিচি হৈছে কেন্দ্ৰীয় বেংকে জাৰি কৰা ক্ৰিপ্টোকাৰেন্সী আৰু ইয়াৰ আইনী সমৰ্থন চৰকাৰী মুদ্ৰাৰ দৰেই।
২) সেউজ ভৱিষ্যতৰ দিশত ভাৰতৰ পদক্ষেপসমূহ হ'ল:-
i) ইণ্টাৰনেচনেল চ'লাৰ এলায়েঞ্চ(ISA) স্থাপনৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্ব।
ii) ভৱিষ্যতৰ বাবে সমাধানসমূহ হ'ল:- বেটাৰী-সংহত নবীকৰণযোগ্য শক্তি, বিকেন্দ্ৰীকৃত গ্ৰীড আৰু সেউজ হাইড্ৰজেন প্ৰযুক্তি।
iii) বিত্তীয় ব্যৱস্থাসমূহ হ'ল:-
ক) সেউজ, সামাজিক, বহনক্ষমতা আৰু বহনক্ষমতা-সংলগ্ন (GSS+) ঋণৰ ব্যৱস্থা যেনে- গ্ৰীণ বণ্ড।
খ) ছ'ভৰেইন গ্ৰীণ বণ্ড আৰু ছেবি নিয়ন্ত্ৰিত সামাজিক বণ্ড।
iv) সৌৰ উদ্যান আঁচনি(Solar Park Scheme)ৰ অধীনত সৌৰশক্তিৰ নিলামত ভাৰত সফল।
v) ভাৰতৰ নতুন কাৰ্বন ক্ৰেডিট ট্ৰেডিং আঁচনি:এয়া ২০২৩ চনত স্থাপিত। এইটো হৈছে সেউজ গৃহ গেছ (GHG) নিৰ্গমনৰ মূল্য নিৰ্ধাৰণ কৰি আৰু কাৰ্বন ক্ৰেডিট চাৰ্টিফিকেট (চিচিচি)ৰ ব্যৱসায় কৰি সেউজ গৃহ গেছ হ্ৰাস কৰাৰ বজাৰভিত্তিক ব্যৱস্থা।
৩) প্ৰতিৰোধমূলক আটক(Preventive Detention) বেয়া।
অনুচ্ছেদ ২২(৩) – (৭) সাংবিধানিকভাৱে প্ৰতিৰোধমূলক আটক প্ৰৱৰ্তন কৰিছে।
এয়া স্বাধীনতা(Liberty), সমতা(Equality) আৰু আইনৰ যথাযথ প্ৰক্ৰিয়া(Due Process of Law)ৰ বিৰোধী।
----->ঐতিহাসিক প্ৰেক্ষাপট:-
ঝ) ঔপনিৱেশিক নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ ব্ৰিটিছে ৰচনা কৰা বেংগল ৰেগুলেচন,১৮১৮।
ii) ভাৰত চৰকাৰ আইন, ১৯৩৫ য়ে প্ৰাদেশিক বিধায়িনী সভাসমূহক ৰাজহুৱা স্বাৰ্থত প্ৰতিৰোধমূলক আটক আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰিছিল।
ভাৰতীয় সংবিধানৰ ২২ নং অনুচ্ছেদ “স্বৈৰাচাৰী শাসনযন্ত্ৰৰ হাথিয়াৰ” হৈ পৰিছে যি মৌলিক অধিকাৰৰ পৰিপন্থী।
মানেকা গান্ধী বনাম ভাৰত চৰকাৰ (১৯৭৮) ৰায়দানত কোৱা হৈছিল যে আইনৰ দ্বাৰা প্ৰতিষ্ঠিত পদ্ধতি(Procedure established by law)ৰ অৰ্থ হ’ব লাগিব ন্যায্য(fair), ন্যায়সংগত(just) আৰু যুক্তিসংগত(reasonable) যথাযথ প্ৰক্ৰিয়া, আৰু মৌলিক অধিকাৰসমূহক এক ঐক্যবদ্ধ সামগ্ৰিক হিচাপে পঢ়িব লাগিব।
প্ৰতিৰোধমূলক আটক সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ কাৰ্টেলৰ দৰে গুৰুতৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াত কঠোৰভাৱে সীমাবদ্ধ থাকিব লাগে আৰু ইয়াক নিয়মীয়া প্ৰশাসনিক আহিলা হিচাপে ব্যৱহাৰ কৰিব নালাগে।
4) মানসিক স্বাস্থ্য আৰু ভাৰত:
ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰো(NCRB)ৰ 'এক্সিডেন্টেল ডেথচ এণ্ড চুইছাইডচ ইন ইণ্ডিয়া ২০২৩' প্ৰতিবেদনমতে ভাৰতত ১,৭১,৪১৮ টা আত্মহত্যা হৈছে,যিটো পূৰ্বৰ বছৰৰ তুলনাত ০.৩% বৃদ্ধি পাইছে।
ভাৰতৰ মানসিক স্বাস্থ্য ব্যৱস্থাক গুৰুত্ব দিয়াৰ প্ৰয়োজন।
ভাৰতত ১,০০,০০০ লোকৰ বাবে ০.৭৫ জন মনোৰোগ বিশেষজ্ঞ আছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এয়া নূন্যতম ১.৭ হব লাগে।
আদৰ্শগতভাৱে এয়া প্ৰতি ১ লাখ জনসংখ্যাৰ বিপৰীতে তিনিগৰাকী হ’ব লাগে।
মানসিক স্বাস্থ্যসেৱা আইন (২০১৭)ত আত্মহত্যাক অপৰাধমুক্ত কৰি মানসিক স্বাস্থ্যসেৱাৰ নিশ্চয়তা প্ৰদান কৰা হৈছে।
মনোদৰ্পন-এখন বিদ্যালয় ভিত্তিক মনোসামাজিক(Psycho-social) সহায়ক আঁচনি।
5) ভাৰতৰ উচ্চতম ন্যায়ালয়ে ওড়িশাৰ পবিত্ৰ নিয়মগিৰি পাহাৰত বক্সাইট খননৰ পৰিকল্পনাক প্ৰতিহত কৰাৰ বাবে ডংগোৰিয়া ক'ন্ধ জনগোষ্ঠীৰ উদ্বেগক সম্বোধন কৰে।
আদালতে ক্ষতিগ্ৰস্ত গাঁওসভাত গণভোটৰ নিৰ্দেশ দিয়ে যিয়ে সৰ্বসন্মতিক্ৰমে প্ৰকল্পটোৰ বিৰুদ্ধে ভোটদান কৰে। আদালতে সমাজৰ পৰম্পৰা, তেওঁলোকৰ সাংস্কৃতিক পৰিচয়, সম্প্ৰদায়ৰ সম্পদ আৰু সম্প্ৰদায়ৰ বিবাদ নিষ্পত্তিৰ ধৰণসমূহ সুৰক্ষিত আৰু সংৰক্ষণৰ বাবে গ্ৰামসভাৰ যোগ্যতাক সমৰ্থন কৰে।
কেইবাখনো দেশে (বলিভিয়া, কলম্বিয়া, ইকুৱেডৰ আৰু নিউজিলেণ্ড) ‘পৃথিৱীৰ অধিকাৰ’ বা ‘প্ৰকৃতিৰ অধিকাৰ’ নামৰ নতুন আইনী পদ্ধতি গ্ৰহণ কৰিছে যিয়ে অমানৱীয় প্ৰাকৃতিক সত্তা যেনে-নদী, বনাঞ্চল, পৰ্বত আৰু বিভিন্ন পৰিৱেশ তন্ত্ৰক অধিকাৰ প্ৰদান কৰে আৰু সেইবোৰক অধিকাৰধাৰীৰ প্ৰজা হিচাপে স্বীকৃতি দিয়ে।
6) ভাৰতৰ জনস্বাস্থ্যৰ প্ৰতি বৃহৎ বহুৰাষ্ট্ৰীয় কোম্পানী সমূহৰ অৱজ্ঞা:
ভাৰতে 'ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ (অবজেকচনেবল এডভাৰটাইজমেণ্ট) এক্ট (DMRA), ১৯৫৪ৰ জৰিয়তে ৫৪টা চিকিৎসাজনিত অৱস্থাৰ বাবে নিয়ন্ত্ৰকে অনুমোদিত হওক বা নহওক, যিকোনো ঔষধৰ কোনো বিজ্ঞাপন নিষিদ্ধ কৰিছে। উদাহৰণস্বৰূপে, ডায়েবেটিছৰ চিকিৎসাৰ বাবে যিকোনো ঔষধৰ বিজ্ঞাপন নিষিদ্ধ কৰিছে, ইয়াৰ কাৰ্যকাৰিতা ক্লিনিকেলভাৱে প্ৰতিষ্ঠিত হোৱা বা নোহোৱাটো নিৰ্ভৰ নকৰে।
৭) অন্ধ্ৰ প্ৰদেশৰ স্থল ভাগত ঘূৰ্ণীবতাহ মন্থা প্ৰৱেশ কৰে।
৮) দিল্লীৰ বায়ুৰ গুণাগুণ উন্নীত কৰিবলৈ ক্লাউড-চিডিং ট্ৰায়েল কৰা হয়।
৯)ভাৰত আৰু আছিয়ানেও আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি (AITIGA)ৰ পৰ্যালোচনা শীঘ্ৰে চূড়ান্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
10) ভাৰতীয় সংবিধানৰ ১৩০ তম সংশোধনী:-
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ, ৰাজ্যিক মন্ত্ৰী পৰিষদ আৰু দিল্লীৰ বাবে বিশেষ প্ৰশাসনিক বিধানৰ সৈতে জড়িত সংবিধানৰ ক্ৰম অনুযায়ী ৭৫ নং অনুচ্ছেদ, ১৬৪ নং অনুচ্ছেদ আৰু ২৩৯এএ অনুচ্ছেদ সংশোধন কৰিবলৈ সংসদত সংবিধান (এশ ত্ৰিশতম সংশোধনী) বিধেয়ক উত্থাপন কৰে। বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে।
বিধেয়কখনত উল্লেখ আছে যে যদি কোনো মন্ত্ৰীক গ্ৰেপ্তাৰ কৰি একেৰাহে ৩০ দিনৰ বাবে জিম্মাত ৰখা হয়, যি অভিযোগৰ বাবে পাঁচ বছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তি হ'ব পাৰে,তেনে ক্ষেত্ৰত তেওঁক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি পদৰ পৰা অপসাৰণ কৰিব, যি পৰামৰ্শ এনে জিম্মাত থকাৰ ৩১ দিনৰ ভিতৰত দিব। অথবা, তেতিয়ালৈকে এনে পৰামৰ্শ নিদিলে তেওঁ মন্ত্ৰী হোৱা বন্ধ হ'ব। ৰাজ্যিক বিধানসভাত মন্ত্ৰীসকলৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা আছে, যিসকলক মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালৰ দ্বাৰা অপসাৰণ কৰা হ’ব। কোনো প্ৰধানমন্ত্ৰী বা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত, ৩১ দিনৰ ভিতৰত পদত্যাগ পত্ৰ দিব লাগিব অথবা স্বয়ংক্ৰিয়ভাৱে কোনো প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হোৱা বন্ধ হ’ব।
ৰাজনীতিক অপৰাধমুক্ত কৰাৰ বাবে এই বিধেয়কখন উত্থাপন কৰা হৈছে।
Q) How can countries resort to crypto currency to evade global threat of sanction? What is the regulatory status of Crypto Currency in India?
(15 Marks/250 Words/GS-3)
বিশ্বব্যাপী প্ৰচলিত হৈ থকা নিষেধাজ্ঞা(sanction)ৰ ভাবুকিৰ পৰা হাত সাৰিবলৈ দেশসমূহে কেনেকৈ ক্ৰিপ্টো মুদ্ৰাৰ আশ্ৰয় ল’ব পাৰে? ভাৰতত ক্ৰিপ্টো মুদ্ৰাৰ নিয়ন্ত্ৰণগত(regulatory) স্থিতি কি?
(১৫ নম্বৰ/২৫০ শব্দ/সা.অ.-৩)
Q) Elaborate the scope and significance of Central Bank Digital Currency(CBDC) in India.
(10 Marks/150 Words/GS-3)
ভাৰতত চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চি(CBDC)ৰ পৰিসৰ আৰু তাৎপৰ্য্যৰ বিষয়ে বিশদভাৱে উল্লেখ কৰাঁ।
(১০ নম্বৰ/১৫০ শব্দ/সা.অ.-৩)
Q) "Preventive Detention should be confined strictly to combating grave threats such as terrorism and transnational drug cartels and not used as a routine administrative tool." Elucidate
(10 Marks/150 Words/GS-2)
"প্ৰতিৰোধমূলক আটক সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ কাৰ্টেলৰ দৰে গুৰুতৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াত কঠোৰভাৱে সীমাবদ্ধ থাকিব লাগে আৰু ইয়াক নিয়মীয়া প্ৰশাসনিক আহিলা হিচাপে ব্যৱহাৰ কৰিব নালাগে।" স্পষ্ট কৰাঁ।
(১০ নম্বৰ/১৫০ শব্দ/সা.অ.-২)
****************************
Comments
Post a Comment