প্ৰাক-শংকৰী যুগৰ পৰিচয় For Assamese Literature Optional (UPSC-CSE & APSC-CCE)

****প্ৰাক-শংকৰী যুগৰ পৰিচয়****

By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
civilserviceschool2018@gmail.com

(A Note To Aspirants: Pls don't ignore these write-ups for Assamese Literature Optional. We don't need to be litterateur(সাহিত্যিক) to pass the exam. We just need to arrange existing informations in our exam copy. Best wishes,4m Hemen)

মধ্য যুগীয়া অসমীয়া সাহিত্যক তিনিটা ভাগত ভগাব পাৰি। যথা-
১)প্ৰাক-শংকৰী যুগ ২)শংকৰী যুগ আৰু ৩)শংকৰোত্তৰ যুগ

১)প্ৰাক-শংকৰী যুগ: চতুৰ্দশ শতিকাৰ আৰম্ভণিৰ পৰা পঞ্চদশ শতিকাৰ শেষলৈ(১৩০০-১৪৯০)।কাব্য সাহিত্যৰ যুগ।কবিসকল হ'ল-হেম সৰস্বতী,কবিৰত্ন সৰস্বতী,ৰুদ্ৰ কন্দলী,মাধৱ কন্দলী আৰু হৰিবৰ বিপ্ৰ।
(এওঁলোকৰ ওপৰত চমু টোকা আহে।)

ক)হেম সৰস্বতী: এওঁ 'প্ৰহ্লাদ চৰিত্ৰ' আৰু 'হৰগৌৰী সংবাদ' নামৰ দুখন পুথি ৰচনা কৰে।কবিয়ে 'প্ৰহ্লাদ চৰিত্ৰ'ত আত্ম-পৰিচয় দিয়া প্ৰসংগত কৈছে যে কামতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ দিনত ৰুদ্ৰ সৰস্বতী-দেৱযানীৰ পুত্ৰ হেম সৰস্বতীয়ে বামন পুৰাণ চাই প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰে।

প্ৰহ্লাদ চৰিত্ৰখন এশ পদৰ এখনি সৰু বৰ্ণনাত্মক কাব্য পুথি।দানৱৰাজ হিৰণ্যকশিপুয়ে পুতেক প্ৰহ্লাদক বিষ্ণু ভক্তি আচৰণ কৰা কাৰণে কৰা উৎপীড়ণ আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায়।কাব্য খনিত বিষ্ণু ভক্তিৰ মাহাত্ম্য আৰু তত্ব মূলক উপদেশ আছে।সেয়েহে কালিৰাম মেধিয়ে প্ৰহ্লাদ চৰিত্ৰক বৈষ্ণৱ ধৰ্মৰ প্ৰথম অসমীয়া পুথি আখ্যা দিছে।

হেম সৰস্বতীৰ পুথি দুখনত কামৰূপী উচ্চাৰণৰ আখৰ জোঁটনি,ওড়িয়া শব্দৰূপ আৰু প্ৰাকৃত শব্দৰ প্ৰয়োগ লক্ষ্য কৰা যায়। যথা--
প্ৰাকৃত: প্ৰহ্লাদ,জোজনী,মঞি,তম্ভে,ধাঞি আদি।
ওড়িয়া: বুলন্ত, তাংক, ধংকামৰি আদি।
কামৰূপী:কোৰি(কৰি),ধোৰি(ধৰি),কুন(কোন),দামুদৰ(দামোদৰ) আদি।

মুঠতে হেম সৰস্বতীয়ে অসমীয়া সাহিত্যৰ যুগ সন্ধিত অনবদ্য অৱদান আগবঢ়াই। ভাষাৰ আদি স্তৰত এই ৰচনাসমূহেই ভাষাটোক সমৃদ্ধ কৰে।

খ)কবিৰত্ন সৰস্বতী: (ছাত্ৰ-ছাত্ৰীয়ে নিজে চাব।)
গ)হৰিবৰ বিপ্ৰ: মাধৱ কন্দলীৰ পিছতে এখেতৰ স্থান।

ঘ)মাধৱ কন্দলী:(পৰীক্ষাত আহে এখেতৰ কথা/ চমু টোকা + long question কেতিয়াবা)

(Intro) অসমীয়া সাহিত্যৰ বুৰঞ্জীত মাধৱ কন্দলীৰ স্থান অদ্বিতীয়।এখেতে বৰাহী ৰজা শ্ৰী মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰে তথা সুদূৰ চতুৰ্দশ শতিকাতে বাল্মিকীৰ ৰামায়ণ অসমীয়া ভাষালৈ ভাঙনি কৰে।

(Body) 1st Para: মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ আৰু দেৱজিত কাব্য ৰচনা কৰে।তেওঁ 'সপ্তকাণ্ড ৰামায়ণ পদবন্ধে' লিখা বুলি এঠাইত কৈছে যদিও 'আদি' আৰু 'উত্তৰাকাণ্ড' পোৱা নাযায়।সেয়ে মাধৱদেৱ(আদিকাণ্ড) আৰু শংকৰদেৱে(উত্তৰাকাণ্ড) বাকী দুটা কাণ্ড অনুবাদ কৰি কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰে।

2nd para: উত্তৰ ভাৰতৰ প্ৰাদেশিক ভাষাবিলাকত ৰচিত সকলো ৰামায়ণতকৈ কন্দলীৰ ৰামায়ণ প্ৰাচীন,সেয়েহে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ইতিহাসতো এই কাব্যৰ স্থান অতি উচ্চ।এই ৰচনাৰ ভাষা অতি সৰল তথা সাৱলীল হোৱাৰ লগতে নিটোল ৰচনাভংগীয়ে এটি ধাৰাবাহিক সাহিত্য পৰম্পৰাৰ স্পষ্ট আভাস দিয়ে।তেওঁৰ অনুবাদৰ মূল নীতি হ'ল-'লম্ভা পৰিহৰি সাৰোদ্ধৃতে'।কিন্তু সেইবুলি প্ৰয়োজনীয় ঘটনা বা বিৱৰণ বাদ দি ৰসভংগ ক'তো কৰা নাই।জনসাধাৰণৰ ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ মূলৰ কথাত যোগ-বিয়োগ কৰিছে আৰু স্থানীয় ৰহণো সানিছে।কিয়নো,কবিৰ ভাষাত ---'দেৱ বাণী নুহি ইটো লৌকিকহে কথা'। উদাহৰণস্বৰূপে ভৰত মাতুল গৃহৰ পৰা উভতি অহাৰ পিছত কুঁজীয়ে লাহ-বিলাহ কৰি ভৰতৰ আগত উপস্থিত হোৱা কথাটো মূলত আছে যদিও,তাই মনে মনে গুপ্ত-পটেশ্বৰী হ'বলৈ হাবিয়াস কৰাটো কন্দলীৰ নিজস্ব সৃষ্টি।জনসাধাৰণৰ মনত হাস্যৰসৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰাটোও এনে লিখনিৰ আন এটি উদ্দেশ্য।

(3rd para) পৰিৱেশ চিত্ৰণ,নৈসৰ্গিক শোভা বৰ্ণনা,বীৰ-হাস্য-শৃংগাৰ-কৰুণা আদি ৰস সৃষ্টি আৰু শব্দ চয়নত কন্দলীৰ বিশেষ দক্ষতা প্ৰকাশ পাইছে।তাৰোপৰি সংস্কৃত বা তৎসম শব্দৰ লগত তদ্ভৱ,অৰ্দ্ধ-তৎসম আৰু দেশজ শব্দৰ সুন্দৰ সংগতিৰে এক সমৃদ্ধিশালী ৰচনাশৈলী সৃষ্টি কৰিছিল।কবিয়ে তেওঁৰ অনুদিত ৰামায়ণখনিত অসমীয়া লোকোক্তি,যোজনা-পটন্তৰ আদি বিশেষৰূপে ব্যৱহাৰ কৰি অসমীয়া মাটি-পানীৰে জীপ দিছে।উদাহৰণস্বৰূপে-"আমি ভৈলো কৈকেয়ীৰ অষ্টমীৰ ছাগ।", "বৰশীয়া ৰাৱণৰ পুঙাতেসে দৃষ্টি।" আদি।

(4th Para)কবিৰ 'দেৱজিত' কাব্যখনিত শ্ৰী কৃষ্ণৰ হাতত ইন্দ্ৰাদি দেৱতাসকলৰ পৰাজয়ৰ কাহিনী বৰ্ণোৱা হৈছে।এইখন প্ৰধানকৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰকামী গ্ৰন্থ।

(Conclusion)অপ্ৰমাদী কবি মাধৱ কন্দলীয়ে অসমীয়া সাহিত্যক দিগ্-দর্শন কৰাই থৈ যায়।পৰৱৰ্তী বৈষ্ণৱ সাহিত্যিক সকলে সেই ভেটিতেই নতুন সাহিত্যৰ স্মৃতিসৌধ গঢ়ে।

By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
civilserviceschool2018@gmail.com

Comments

Popular posts from this blog

West Asian Theatrics(পশ্চিম এছিয়াৰ নাটকবাজী)

সাম্প্ৰতিক ঘটনাৱলী/জুন-২০২৫ (Current Affairs,June-2025)

সাম্প্ৰতিক ঘটনাৱলী(মে' ২০২৫)/ Current Affairs: March 2025