মাধৱদেৱৰ বহুমুখী অৱদান(সাহিত্যিক ক্ষেত্ৰত)
*****মাধৱদেৱৰ তিথি উপলক্ষ্যে*******
*****মাধৱদেৱৰ বহুমুখী অৱদান(সাহিত্যিক ক্ষেত্ৰত)*****
By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
১)আখ্যানমূলক ৰচনা: ৰামায়ণৰ 'আদিকাণ্ড' আৰু 'ৰাজসূয় কাব্য'।মহাভাৰতৰ ৰাজসূয় যজ্ঞৰ আধাৰত ৰাজসূয় কাব্যখনি ৰচিত।
২)তত্বমূলক ৰচনা: জন্মৰহস্য,ভক্তি-ৰত্নাৱলী,নামঘোষা আৰু নামমালিকা।
মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা 'নামঘোষা'।এহেজাৰ ঘোষা থওক কাৰণে ইয়াক 'হেজাৰী ঘোষা' বুলিও কোৱা হয়।মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থখনিত দেখা যায়।মাধৱদেৱৰ জীৱনৰ শেষৰ ফালৰ ৰচনা বাবে বাণীকান্ত কাকতিয়ে নামঘোষাক 'মহাপ্ৰস্থানিক গীত' বুলি আখ্যা দিছে। বাণীকান্ত কাকতিৰ মতে "নামঘোষাত তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱহমান হৈছে--পুণ্যশ্লোক শংকৰ স্মৃতি,মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণ-ভক্তিৰ মাহাত্ম্য।
৩)অংকীয়া নাট: মাধৱদেৱে ৰচনা কৰা নাটকেইখন হ'ল(৫ খন)---চোৰ ধৰা,পিম্পৰা-গুচোৱা,অৰ্জুন-ভঞ্জন,ভূমি-লেটোৱা আৰু ভোজন বিহাৰ।
ইয়াৰে 'অৰ্জুন ভঞ্জন'ৰ বাহিৰে বাকীকেইখন নাটক 'ঝুমুৰা' বুলি কোৱা হৈছে।পূৰ্ণাংগ কথাবস্তুৰ পৰিৱৰ্তে যেতিয়া ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰৰ নাট ৰচনা কৰা হয়,তেতিয়া তেনে নাটক ঝুমুৰা বোলে।
এই নাট কেইখনত বাল গোপালৰ অৰ্থাৎ শিশু কৃষ্ণৰ বাল সুলভ দুষ্টামি, ভেম, অভিমান,চাতুৰি,চৌর্যক্ৰিয়া আদিৰ চিত্ৰ ৰূপায়িত হৈছে।নাটকেইখনত শংকৰদেৱৰ নাটৰ দৰে একোটা পূৰ্ণ আখ্যান পোৱা নাযায়।কৃষ্ণৰ ল'ৰালিকালৰ একো-একোটা মুহূৰ্তৰ ঘটনাক আমোদজনক বা কৌতূহলপূৰ্ণ পৰিস্হিতিৰ যোগেদি নাটকীয় ৰূপ দিয়া হৈছে।মানৱ শিশুৰ ব্যৱহাৰ আৰু কাৰ্য-কলাপ কৃষ্ণ চৰিত্ৰত আৰোপ কৰিছে যদিও কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক দিশটোৰ কথাও নাট্যকাৰে সোঁৱৰাই দিবলৈ পাহৰা নাই।অৰ্জুন ভঞ্জনৰ কথাবস্তু অলপ বহল।এটা আখ্যানৰ ওপৰত ভেটি কৰি ৰচনা কৰা হৈছে।সেয়েহে ইয়াক 'নাট' বুলিছে।বাৎসল্য ভাবৰ প্ৰকাশ আৰু কৌতুকপূৰ্ণ পৰিস্থিতিৰ বৰ্ণনাই মাধৱদেৱৰ নাটকেইখনিক সজীৱ আৰু জনপ্ৰিয় কৰি তুলিছে।
(Questions on Jhumura may appear in Assam Related Paper of APSC-CCE-Mains)
৪)বৰগীত: গুৰু শংকৰদেৱৰ নিৰ্দেশমৰ্মে মাধৱদেৱে বৰগীত ৰচনা কৰে।মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।এই বৰগীতসমূহ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ।
দাস্য আৰু বাৎসল্য---এই দুয়োটা ভাবৰেই বৰগীত তেওঁ ৰচনা কৰিছিল যদিও বাৎসল্য ভাবৰ গীত অধিক।মহাপুৰুষ শংকৰদেৱৰ বৰগীতসমূহত পৰমাৰ্থ আৰু বিৰক্তি ভাবৰ প্ৰাধান্য লক্ষ্য কৰা যায়।বিৰহৰ গীত দুই এটা নথকা নহয়,কিন্তু সংখ্যাত কম।মানৱ জীৱন দুষ্প্ৰাপ্য অথচ ক্ষণভংগুৰ আৰু মায়াময়।হৰি ভক্তি মোহাচ্ছন্ন জীৱন-সমুদ্ৰত ধ্ৰুৱতৰা, এয়ে নানা ভাব আৰু ভাষাত শংকৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য। মাধৱদেৱৰ উপৰিউক্ত ভাবৰ গীত আছে যদিও শিশু কৃষ্ণৰ চুৰ-চাতুৰি,খেলন, নৃত্য,জাগৰণ আৰু চলনৰ গীতৰ সংখ্যা বেছি।অৰ্থাৎ বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ।
By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
Comments
Post a Comment