বৈষ্ণৱ সাহিত্যলৈ শ্ৰী শংকৰদেৱৰ বহুমুখী অৱদান
*************বৈষ্ণৱ যুগ*****************
*************শংকৰদেৱ*************
By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
(শংকৰদেৱৰ শৈশৱ কালৰ বিষয়ে আমি গুৰুচৰিত কথাত আলোচনা কৰিম। প্ৰশ্নও গুৰু চৰিত কথাৰ আধাৰত আহিব।)
****বৈষ্ণৱ সাহিত্যলৈ শ্ৰী শংকৰদেৱৰ বহুমুখী অৱদান****
(We will use following informations many times in our answers. These are main crux of the whole syllabus.)
১)কাব্য:(পৰীক্ষাত শংকৰদেৱৰ কাব্য প্ৰতিভাৰ ওপৰত প্ৰশ্ন আহিছে আগতে।)
শংকৰদেৱে ছয়খন কাব্য ৰচনা কৰে।
ক)হৰিশ্চন্দ্ৰ উপাখ্যান খ)ৰুক্মিণী হৰণ গ)বলিছলন ঘ)অমৃত-মথন ঙ)অজামিল উপাখ্যান আৰু চ)কুৰুক্ষেত্ৰ
হৰিশ্চন্দ্ৰ উপাখ্যান শংকৰদেৱৰ প্ৰথম ৰচনা।কাব্যখনিৰ মূল বিষয়বস্তু তেওঁ মাৰ্কণ্ডেয় পুৰাণৰ পৰা গ্ৰহণ কৰিছে।ৰজা হৰিশ্চন্দ্ৰই গণেশক পূজাৰ আগভাগ নিদি বিষ্ণুক দিয়া কাৰণে অশেষ কষ্ট ভোগ কৰিবলগীয়া হয় যদিও শেষত পৰমপদ লাভ কৰে।কবিয়ে বিষ্ণুৰ শ্ৰেষ্ঠত্ব আৰু তেওঁক পূজিলে যে আন দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাই সেই কথা ইয়াত বৰ্ণনা কৰিছে।
ৰুক্মিণী হৰণ কাব্যৰ কাহিনীভাগ শংকৰদেৱে হৰি বংশ আৰু ভাগৱত পুৰাণৰ পৰা গ্ৰহণ কৰিছে।এই কাব্যত বিদৰ্ভৰ কুণ্ডিল নগৰৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীক শ্ৰী কৃষ্ণই হৰণ কৰি আনি বিবাহ কৰা কথাৰ বৰ্ণনা পোৱা যায়।
বলিছলন (বলি ৰজাক ছলনা কৰা) কাব্যখনিৰ মূল হৈছে ভাগৱত আৰু বামন পুৰাণ।ইয়াত বামনে তিনি পদ ভূমি স্থাপনেৰে কেনেদৰে বলি ৰজাক ছলনা কৰিছিল সেই কথা বৰ্ণনা কৰা হৈছে।
অমৃত মথন কাব্যখনিৰ মূল হৈছে ভাগৱত পুৰাণ।ইয়াত অমৃতক কেন্দ্ৰ কৰি দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধত বিষ্ণুৱে মোহিনীৰূপ ধাৰণ কৰি কেনেকৈ অমৃতভাণ্ড হস্তগত কৰিছিল সেই কথা বৰ্ণিত হৈছে।
অজামিল উপাখ্যানৰো মূল হৈছে ভাগৱত পুৰাণ।ইয়াত অজামিল নামৰ ভ্ৰষ্টাচাৰী ব্ৰাহ্মণ এজনে বিষ্ণুৰ নাম লৈ কেনেদৰে মৃত্যুৰ পৰা ৰক্ষা পালে সেই কথা ব্যক্ত কৰিছে।
কুৰুক্ষেত্ৰ শংকৰদেৱৰ শেষ বয়সৰ ৰচনা আৰু ইয়াৰ মূল দশম স্কন্ধ ভাগৱত।ইয়াত কৃষ্ণ আৰু যাদৱসকলৰ কুৰুক্ষেত্ৰলৈ যাত্ৰা,নন্দ-যশোদা আদি গোপসকলৰ লগত পুনৰ মিলন,নন্দ-যশোদাৰ কৰুণ বিদায় আদি ঘটনা বৰ্ণনা কৰা হৈছে।
২)ভক্তি প্ৰকাশক গ্ৰন্থ: ভক্তিপ্রদীপ,ভক্তি ৰত্নাকৰ আৰু নিমি-নৱসিদ্ধ সংবাদ।
৩)অনুবাদমূলক গ্ৰন্থ: শংকৰদেৱে দ্বাদশ স্কন্ধ ভাগৱতৰ সাতোটা স্কন্ধ অসমীয়ালৈ অনুবাদ কৰে।মাধৱ কন্দলীৰ ৰামায়ণৰ উত্তৰকাণ্ড সংযোগ কৰে।
৪)অংকীয়া নাট: ছয়খন অংকীয়া নাট---ক)পত্নীপ্ৰসাদ(শান্ত ৰস) খ)কালিদমন(বীৰ আৰু অদ্ভুত ৰস) গ)কেলিগোপাল ঘ)ৰুক্মিণী হৰণ(শৃংগাৰ,বীৰ আৰু হাস্য ৰস) ঙ)পাৰিজাত হৰণ আৰু চ)ৰামবিজয়(বীৰ ৰস,ৰামায়ণৰ আদিকাণ্ড)
শংকৰদেৱে 'চিহ্ন যাত্ৰা' বুলি নাট এখন প্ৰথম তীৰ্থ ভ্ৰমণৰ পৰা আহি মঞ্চস্থ কৰিছিল।
শংকৰদেৱৰ নাট সমূহৰ ভিতৰত নাটকীয় গুণলৈ লক্ষ্য ৰাখি পাৰিজাত হৰণক শ্রেষ্ঠ বুলি ক'ব পাৰি।কিন্তু কাব্যিক গুণৰ ক্ষেত্ৰত কেলিগোপাল বেছি সমৃদ্ধ।সংগীতৰ প্ৰাচুৰ্য এই নাটখনিৰ আন এটি বিশেষত্ব।
৫)গীত: মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা বিৰচিত গীতসমূহৰ ভিতৰত ভটিমা,বৰগীত আৰু টোটয় বা চপয় উল্লেখযোগ্য।
ভটিমাসমূহ প্ৰশস্তি বা গুণ-গৰিমা প্ৰকাশক গীত। শংকৰদেৱে নাট-ভটিমা,দেৱ-ভটিমা আৰু ৰাজ ভটিমা তথা মাধৱদেৱে গুৰু ভটিমা সংযোগ কৰি মুঠ চাৰি শ্ৰেণীৰ ভটিমাৰ সৃষ্টি কৰে।
শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহক 'বৰগীত' বুলি কোৱা হয়।বাণীকান্ত কাকতিয়ে Noble Numbers, কালিৰাম মেধিয়ে Song Celestial আৰু দেবেন্দ্ৰনাথ বেজবৰুৱাই Holy Song আখ্যা দিছে।
টোতয়সমূহ সংস্কৃতৰ তোটক ছন্দৰ আৰ্হিত ৰচনা কৰা।ই বিষ্ণুৰ মহিমা প্ৰকাশক এক শ্ৰেণীৰ গীত। 'মধু-দানৱ-দাৰণ-দেৱ-বৰম' শংকৰদেৱৰ দ্বাৰা ৰচিত এটা উল্লেখযোগ্য টোতয়।
৬)নাম-প্ৰসংগমূলক গ্ৰন্থ: কীৰ্ত্তন আৰু গুণমালা।
'কীৰ্তন'ত মুঠতে ২৭ টা স্বয়ংসম্পূর্ণ কাহিনী আছে।প্ৰতিটো কাহিনীৰ যোগেদি শ্ৰী কৃষ্ণৰ শ্ৰেষ্ঠত্ব তথা ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে।ন-বিধ ভক্তিৰ ভিতৰত 'শ্ৰৱণ' আৰু 'কীৰ্ত্তন'ক এই গ্ৰন্থখনিত প্ৰাধান্য দিয়া হৈছে।সেয়েহে নাম-প্ৰসংগৰ উপযোগী কৰি ঘোষা আৰু পদসহ এই গ্ৰন্থখন ৰচনা কৰা হৈছে।(It may come as short note in Assam related paper of APSC-CCE-MAINS)
'গুণমালা' ছয় আখৰীয়া কুসুমমালা ছন্দত ৰচনা কৰা এখনি সৰু গ্ৰন্থ।মুঠ পদ সংখ্যা ৩৭৭।ব্যক্তিগতভাৱে বা অকলশৰীয়াকৈ ঈশ্বৰৰ লীলা বা গুণ স্মৰণ কৰাৰ সুবিধাৰ্থে এই পুথিখনি ৰচিত।
(To be continued)
Target: Assamese Literature Optional For UPSC-CSE & APSC-CCE)-PAPER 1
By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
Comments
Post a Comment