প্ৰশ্ন: মাধৱ কন্দলীৰ ৰামায়ণত অসমীয়া লোক জীৱনৰ প্ৰকাশ কেনেদৰে ঘটিছে লিখা।

*মাধৱ কন্দলীৰ ৰামায়ণৰ ওপৰত এক চমু আলোকপাত*

প্ৰশ্ন: মাধৱ কন্দলীৰ ৰামায়ণত অসমীয়া লোক জীৱনৰ প্ৰকাশ কেনেদৰে ঘটিছে লিখা।

By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
civilserviceschool2018@gmail.com

উত্তৰ: আমি এই প্ৰশ্নটোৰ ওপৰত আলোকপাত নকৰোঁ।বৰং কন্দলীৰ ৰামায়ণৰ ওপৰত অলপ বিশ্লেষণাত্মক টোকাহে আগবঢ়াম। Paper-2 ৰ মাধৱ কন্দলীৰ ৰামায়ণৰ
অযোধ্যা কাণ্ডত আমি বিস্তৃতভাৱে আলোচনা কৰিম।

মাধৱ কন্দলীয়ে 'সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো' বুলি এঠাইত কৈছে যদিও 'আদি' আৰু 'উত্তৰাকাণ্ড' পোৱা নাযায়। তেওঁৰ অনুবাদৰ মূল নীতি হ'ল--'লম্ভা পৰিহৰি সাৰোদ্ধৃতে'।কিন্তু সেইবুলি প্ৰয়োজনীয় ঘটনা বা বিৱৰণ বাদ দি ৰসভংগ ক'তো কৰা নাই।কন্দলীয়ে ৰামায়ণখনিক কাব্যিক ৰহনেৰেও উজ্জ্বল আৰু মোহনীয় কৰি তুলিছে।

মাধৱ কন্দলীয়ে জনসাধাৰণৰ ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ ৰুচি অনুসাৰে ৰামায়ণ অনুবাদ কৰিবলৈ যাওঁতে মূলৰ কথাত যোগ-বিয়োগ কৰিছে আৰু স্থানীয় ৰহনো সানিছে।কিয়নো কবিৰ ভাষাত -'দেৱ বাণী নুহি ইটো লৌকিকহে কথা'।উদাহৰণস্বৰূপে ভৰত মাতুল গৃহৰ পৰা উভতি অহাৰ পিছত কুঁজীয়ে লাহ-বিলাহ কৰি ভৰতৰ আগত উপস্থিত হোৱা কথাটো মূলত আছে যদিও,তাই মনে মনে গুপ্ত-পটেশ্বৰী হ'বলৈ হাবিয়াস কৰাটো কন্দলীৰ নিজস্ব সৃষ্টি।জনসাধাৰণৰ মনত হাস্যৰসৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰাটোও এনে লিখনিৰ আন এটি উদ্দেশ্য।

আনহাতে বাল্মীকিৰ ৰামায়ণৰ ৰাম সুখ-দুখাতীত ঈশ্বৰ হোৱাৰ বিপৰীতে কন্দলীৰ ৰাম আদর্শ মানৱ।কন্দলীয়ে অতি কম কথাৰে সৌন্দৰ্য্যক মনোৰম আৰু কদৰ্যক ভয়ংকৰ কৰি তুলিব পাৰে।

এইদৰে ৰামায়ণখনিত মাধৱ কন্দলীৰ সাহিত্য প্ৰতিভাৰ মূৰ্ত প্ৰকাশ ঘটিছে।দৰাচলতে,মাধৱ কন্দলীৰ ৰামায়ণক তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিব পাৰি।

By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
civilserviceschool2018@gmail.com
Target: Paper 1 of Assamese Literature Optional For UPSC-CSE & APSC-CCE

Comments

Popular posts from this blog

West Asian Theatrics(পশ্চিম এছিয়াৰ নাটকবাজী)

সাম্প্ৰতিক ঘটনাৱলী/জুন-২০২৫ (Current Affairs,June-2025)

সাম্প্ৰতিক ঘটনাৱলী(মে' ২০২৫)/ Current Affairs: March 2025