অসমীয়া লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে লিখা।

****অসমীয়া লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশ****

প্ৰশ্ন: অসমীয়া লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে লিখা।

উত্তৰ: উত্তৰ পূব ভাৰতৰ এটা উল্লেখনীয় লিপি অসমীয়া লিপি অতি প্ৰাচীন তথা সমসাময়িক ভাৰতবৰ্ষৰ বৃহৎ ভাষাগোষ্ঠীসমূহৰ সমগোষ্ঠীয়।

অসমীয়া লিপি সম্পৰ্কীয় সৰ্বজনগ্ৰাহ্য মতামতটো হৈছে যে এই লিপি ব্ৰাহ্মী লিপিৰ পৰা উৎকীৰ্ণ। "অসমীয়া প্ৰাচীন লিপি" নামৰ গ্ৰন্থত ডঃ সৰ্বেশ্বৰ কটকীয়ে লিখিছে যে ব্ৰাহ্মী লিপি প্ৰথম,কুশানলিপি দ্বিতীয়,গুপ্ত লিপি তৃতীয় আৰু এই গুপ্ত লিপিৰ পূৰ্ব ভাৰতীয় কুটিল লিপি চতুৰ্থ, এই কুটিল লিপিৰ পৰিৱৰ্তন তথা সংমিশ্ৰণ ঘটি ঘটা কা hiমৰূপী লিপি বা পুৰণি অসমীয়া লিপিয়ে পূৰ্ব ভাৰতীয় ভাষাৰ বংশ-লতিকাত পঞ্চম স্থান অধিকাৰ কৰিছে তথা ইয়েই পৰৱৰ্তী কালত অসমীয়া লিপি হিচাপে আত্মপ্ৰকাশ কৰিছে। মহেশ্বৰ নেওগ,ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়,টি. পি.বাৰ্মা আদি বিশিষ্ট পণ্ডিতসকলেও এই মততে সহমত পোষণ কৰিছে।(Underlining Important)

কিন্তু বৰ্তমানে কুটিল লিপিৰ পৰা অসমীয়া লিপি জন্ম হোৱা ধাৰণাটো সম্পূৰ্ণৰূপে মানি লোৱা হোৱা নাই কিয়নো কুটিল লিপিৰ জন্ম(ষষ্ঠ শতিকা)ৰ আগতেই অসমত পঞ্চম শতিকা মানৰ পৰাই শিলালিপিৰ নিদর্শন পোৱা গৈছে আৰু এই লিপিবোৰৰ আখৰবোৰ গুপ্ত লিপিৰ কাষ চপা। ডঃ উপেন্দ্ৰ নাথ গোস্বামীৰ মতে অসমীয়া লিপিৰ মূল ব্ৰাহ্মী আৰু তাৰ পৰৱৰ্তী গুপ্ত লিপি,ইয়াক কুটিল লিপিৰ লগত সাঙোৰাৰ যুক্তি নাই।(Underlining Important)

উদাহৰণস্বৰূপে,এতিয়ালৈকে প্ৰাপ্ত অসমীয়া লিপিৰ প্ৰাচীনতম নিদৰ্শন খ্রীষ্টিয় পঞ্চম শতিকাৰ 'নগাজৰী খনিকৰ গাওঁৰ শিলালিপি' তথা তাৰ পৰৱৰ্তী কালৰ কামৰূপৰাজ সুৰেন্দ্ৰবৰ্মাৰ 'উমাচল শিলালিপি'ৰ আখৰবোৰ গুপ্ত লিপিৰ কাষ চপা। সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ তামৰ ফলিৰ আখৰবোৰত ব্ৰাহ্মী আৰু গুপ্ত লিপিৰ আখৰৰ পৰম্পৰা ৰৈ যোৱা দেখা যায়।এই তাম্ৰ শাসনসমূহৰ ভিতৰত 'ডুবি' আৰু 'নিধনপুৰ'ৰ তামৰ ফলিৰ আখৰবোৰ(যেনে: ক,ব,ল আদি)একেবাৰে আধুনিক ৰূপৰ।কোণীয়া বা ভাঁজ থকা এই আখৰসমূহকে কিছুমান পণ্ডিতে কুটিল ৰূপ বুলিছে।

নৱম-দশম শতিকাত তামৰ ফলিৰ আখৰে আধুনিক আখৰৰ গঢ় লবলৈ উপক্ৰম কৰে। আ-কাৰ,ই-কাৰ আদিৰ পৰিৱৰ্তন সাধিত হয় তথা ব্যঞ্জন বৰ্ণ আৰু যুক্ত ব্যঞ্জন বৰ্ণই আধুনিকতাৰ  কাষ চাপে।এই পৰিৱৰ্তনে পূৰ্ণ ৰূপ লৈ খ্রীষ্টিয় ত্রয়োদশ শতিকাৰ 'কানাই বৰশী বোৱা' শিলালিপিত অসমীয়া লিপিয়ে পূৰ্ণতাৰে আত্মপ্ৰকাশ কৰে।
এই সময়লৈ অসমীয়া লিপিক পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি বুলিব পাৰি।

মধ্যযুগীয়া অসমীয়া লিপিৰ নিদর্শন আমবাৰী শিলালিপি,চৰ্যাগীতিকোষ,কামাখ্যা মন্দিৰৰ শিলৰ ফলি,মহাৰাজ নৰনাৰায়ণৰ মুদ্ৰাৰ লিপি আদি।এই সময়ছোৱাত 'অসমাক্ষৰ বা আহোম লিপি' আৰু 'হেন্দুৱান বা হিন্দু অক্ষৰ' লিপিৰ প্ৰচলন আছিল। তাৰোপৰি আহোম ৰাজধানী গড়গাঁওক কেন্দ্ৰ কৰি 'গঁড়গঞা লিপি',কায়স্থসকলে ব্যৱহাৰ কৰা 'কায়থেলী লিপি' আৰু সংস্কৃত টোলসমূহক কেন্দ্ৰ কৰি 'বামুনীয়া লিপি'য়ে গঢ় লৈ উঠিছিল।

লিপিসমূহ সময়ৰ সোঁতত সানমিহলি হৈ কেতিয়া আধুনিক অসমীয়া লিপিৰ জন্ম দিলে কোৱা টান।কিন্তু ১৮১৩ চনত আত্মাৰাম শৰ্মাই অসমীয়া বাইবেল পুথিখন ছপা কৰি উলিওৱাৰ লগে লগে আধুনিক অসমীয়া লিপিৰ আৰম্ভণি হয়।মিছনেৰীসকলে সাঁচিপতীয়া পুথিৰ আখৰৰ আৰ্হি গ্ৰহন কৰে।মাত্ৰ কৃ, হৃ, কু, হু আখৰৰ পুৰণি ৰূপ সলনি কৰি ইয়াক আধুনিক ৰূপ দিয়ে।পৰৱৰ্তী পৰ্যায়ত ৰবিনছনৰ 'অসমীয়া ব্যাকৰণ' তথা 'অৰুনোদই'ৰ প্ৰকাশে লিপিটোক পৈণত কৰিলে।

লিপিৰ উদ্ভৱৰ লগে লগে ভাষা আৰু সাহিত্যৰ উন্নয়নৰ গতিও ত্বৰান্বিত হয়।ভাষা বৃক্ষৰ সৌৰভময় পুষ্পপাহ অংকুৰিত হয়।
(সমাপ্ত)

(গোটেই খিনি line by line মনত ৰাখিব নালাগে।Important content খিনি মনত ৰাখি নিজৰ ভাষাত পৰীক্ষাত লিখিলে হ'ল।)
(To be Continued)

By,Hemen Sara
Civil Service School
70024-05918(Telegram/WhatsApp)
civilserviceschool2018@gmail.com
Sub: Assamese Literature Optional For UPSC-CSE & APSC-CCE
********************************************    

Comments

Popular posts from this blog

West Asian Theatrics(পশ্চিম এছিয়াৰ নাটকবাজী)

সাম্প্ৰতিক ঘটনাৱলী/জুন-২০২৫ (Current Affairs,June-2025)

সাম্প্ৰতিক ঘটনাৱলী(মে' ২০২৫)/ Current Affairs: March 2025