মধ্যযুগৰ অসমীয়া লিপিৰ শ্রেণী বিভাজন
*****মধ্যযুগৰ অসমীয়া লিপিৰ শ্রেণী বিভাজন:*****
(ভিতৰত থকা Content খিনিৰ প্ৰশ্ন UPSC-CSE ত আগতে আহিছে ।)
খ্ৰীষ্টীয় ত্রয়োদশ শতিকাৰ প্ৰথমাৰ্ধত খোদিত উত্তৰ গুৱাহাটীৰ 'কানাই বৰশী বোৱা' শিলৰ ফলিক মধ্যযুগীয়া অসমীয়া লিপিৰ প্ৰথম নিদর্শন ৰূপে সাব্যস্ত কৰিব পাৰি।এই যুগৰ অন্যান্য লিপিসমূহ হৈছে আমবাৰী শিলালিপি,চৰ্যাগীতিকোষ,কামাখ্যা মন্দিৰৰ শিলৰ ফলি,মহাৰাজ নৰনাৰায়ণৰ মুদ্ৰাৰ লিপি ইত্যাদি।
ষোড়শ-অষ্টাদশ শতাব্দীৰ সময়ছোৱাত অসমত বহুলভাৱে দুবিধ লিপিৰ প্ৰচলন আছিল যথা ১)টাই বা আহোম লিপি,ইয়াক 'অসমাখৰ' বুলিও কোৱা হয় ২) পুৰণি অসমীয়া অৰ্থাৎ 'হেন্দুৱান' বা 'হিন্দুঅক্ষৰ' লিপি।
মধ্যযুগীয়া অসমীয়া লিপিক তিনিটা প্ৰধান লিপি বা শৈলীত বিভাজিত কৰিব পাৰি। সেইকেইটা হ'ল---
১)গড়গঞা লিপি:
ক)আহোম স্বৰ্গদেউসকলৰ ৰাজধানী গড়গাঁওক কেন্দ্ৰ কৰি মধ্যযুগীয়া অসমীয়া সাহিত্য-সংস্কৃতি প্ৰচাৰৰ অৰ্থে এই লিপি ব্যৱহৃত হৈছিল।
খ)এই লিপি সম্পূৰ্ণৰূপে ভৌগোলিক নামকৰণ।
গ)ডঃ মহেশ্বৰ নেওগদেৱে কৈছে যে এই লিপি বৰ সৰল আৰু নৰলঙ্কাৰ।
ঘ)লীলা গগৈৰ মতে ঠ,ন,ল আৰু দুটামান যুক্তাক্ষৰ বাদ দি বাকী আখৰ আধুনিক অসমীয়া আখৰেৰে অভিন্ন।
ঙ)আহোমসকলে টাই বা আহোম ভাষাত বুৰঞ্জীসমূহ লিখিছিল।পিছলৈ অসমীয়া ভাষাক ৰাজভাষাৰূপে গ্ৰহণ কৰাত অসমীয়া ভাষাত বুৰঞ্জীসমূহ লিখিবলৈ আৰম্ভ কৰে। তেতিয়াই টাই লিপিৰ প্ৰভাৱপুষ্ট নিৰলঙ্কাৰ গোট-গোট লিপিয়ে 'গড়গঞা লিপি'ৰ জন্ম দিয়ে।
২)কাইথেলী লিপি:
ক)পুথি ৰচনা,নকল তথা হিচাপ-পত্ৰ ৰাখিবৰ বাবে কায়স্থসকলে এই লিপি ব্যৱহাৰ তথা সংৰক্ষণ কৰিছিল।
খ)এই লিপিটো সম্প্ৰদায়ভিত্তিকহে।
গ)নামনি অসমৰ কায়স্থসকলৰ ভালেখিনি লোক 'লহকৰ' উপাধিধাৰী হোৱা কাৰণে এই লিপিক 'লহকৰী লিপি' বুলিও জনা যায়।
ঘ)এই লিপিত পাকৰ সংখ্যা অলপ বেছি হ'লেও আখবোৰ 'মুকুতা যেন ফটফটীয়া'।
ঙ)লিখা শাৰীবোৰ সমান সমান ।আখৰবোৰ দীঘল-চুটি হব নোৱাৰে আৰু শাৰীবোৰ বৰ ঘনো নহয়,পাতলো নহয়।
চ)এই লিপিভংগীত ওপৰৰ আখৰৰ টিকনিডাল(উ, ট, ঠ আদি) আৰু তলৰ ৰেখা বা ডাঁৰডাল সোঁফালৰ লম্ব ডাঁৰডালত সংলগ্ন হৈ আলংকৰিকভাৱে বহুখিনি বঢ়াই দিয়া দেখা যায়।
ছ)শব্দবোৰ সাধাৰণতে একেলগে লিখি যোৱা,অৰ্থাৎ শব্দৰ বিভাজন দেখুওৱা নহয়।
জ)ছন্দৰ ৰূপটো স্পষ্ট কৰিবলৈ কোনো কোনো পুথিত ছটা(দুলড়ী) বা আঠটা(ছবি) আখৰৰ অন্তত সমান(=) চিহ্ন দিয়া চকুত পৰে।
ঝ)আখৰৰ কোণসমূহ সুস্পষ্ট।
উদাহৰণস্বৰূপে হস্তীবিদ্যাৰ্ণৱ, শংখচূড় বধ,ব্ৰহ্মবৈৱৰ্ত পুৰাণ আদি পুথি 'কাইথেলী লিপি'ত ৰচিত।
৩)বামুণীয়া লিপি:
ক)সংস্কৃত ভাষা সাহিত্যৰ চর্চাস্থলী 'টোল' বিলাকক কেন্দ্ৰ কৰি পুথি-পাঁজি নকল কৰাৰ অৰ্থে এই লিপি গা কৰি উঠিছিল।
খ)এই লিপি 'অসমীয়া' আৰু 'নাগেৰী' লিপিৰ সংমিশ্ৰণত গঢ় লোৱা লিপি।
গ)আখৰৰ কোণবোৰ কিছু পৰিমাণে বৰ্তুলাকাৰ-কাইথেলীৰ দৰে স্পষ্ট নহয়।
ঘ)কিছুমান আখৰ দেৱনাগৰী গঢ়ৰ যেনে-অ,আ,দ আদি।
মধ্যযুগীয়া এই লিপিসমূহেই আহি কালক্রমত আধুনিক অসমীয়া লিপিৰ জন্ম দিয়ে। ১৮১৩ চনত আত্মাৰাম শৰ্মাই অসমীয়া ভাষাত 'ধৰ্মপুস্তক' লিখি উলিওৱাৰ লগে লগে লিপিৰ মধ্যযুগীয়া স্তৰৰ অৱসান ঘটে।
By,Hemen Sarma
Civil Service School
70024-05918(Telegram/WhatsApp)
civilserviceschool2018@gmail.com
SUB: ASSAMESE LITERATURE OPTIONAL FOR UPSC-CSE & APSC-CCE.
(Paper 1 of Assamese Literature Optional)
********************************************
Comments
Post a Comment