ভাৰতীয় লিপিৰ অধ্যয়ন: ২)ব্ৰাহ্মী লিপি

        (লিখনি-২)
 ভাৰতীয় লিপিৰ অধ্যয়ন:  ২)ব্ৰাহ্মী লিপি

ব্ৰাহ্মী ভাৰতবৰ্ষৰ নিজস্ব লিপি। এই লিপিৰ প্ৰাচীনতম নিদর্শন উত্তৰ প্ৰদেশৰ "পিপ্ৰহৱা(Piprahwa) স্তূপ" আৰু ৰাজস্থানৰ আজমীৰ জিলাৰ 'বডলী' গাওঁৰ শিলালিপিত পোৱা গৈছে। খ্রী.পূ. পঞ্চম শতিকাৰ পৰা খ্রী. ৩৫০ শতাব্দীলৈ এই লিপিৰ ব্যৱহাৰ হোৱা দেখা যায়।

ভাৰতীয় ধাৰণামতে এই লিপি স্বয়ং ব্ৰহ্মাৰ নিৰ্মান-সেয়েহে ব্ৰাহ্মী লিপি।

**লিপিৰ উৎপত্তি:
১)আটফ্ৰেড ম্যূলাৰ(Otfreid Mueller)ৰ মতে ব্ৰাহ্মী ভাৰতৰ বাহিৰৰ লিপি আৰু আলেকজেণ্ডাৰৰ আক্ৰমণৰ ফলস্বৰূপেই ভাৰতবৰ্ষত লেখন প্ৰথাই খোপনি পোতে।
২)এচাম পাশ্চাত্য পণ্ডিতে চেমিয় লিপিৰ আধাৰত ব্ৰাহ্মী লিপিৰ বিকাশ হোৱা বুলি ভাবে।
৩)এফ.মেচন(F. Mason)ৰ মতে খ্রী.পূৰ্ব. ছয় শতাব্দী পূৰ্বেই ভাৰতীয় বৰ্ণমালাৰ সৃষ্টি হৈছিল আৰু গৌতম বুদ্ধৰ জন্মৰ আগেয়ে তাৰ বহুল প্ৰয়োগ আছিল।
৪)জন বিমে(John Beam)এও ব্ৰাহ্মী লিপিৰ উৎপত্তি আৰু বিকাশ ভাৰতবৰ্ষতে হোৱা বুলি ভাবে।

(ইমানবোৰ মনত থকাটো সম্ভৱ নহয়।সৰলীকৃত কৰি লিখিলে হ'ল।যেনে-
ব্ৰাহ্মী লিপিৰ উৎপত্তি সম্বন্ধে পণ্ডিতসকলৰ মাজত মতভেদ আছে। কিছুমানে ব্ৰাহ্মী লিপি প্ৰকৃত ভাৰতীয় লিপি বুলি স্বীকাৰ কৰিলেও আন কিছুমানৰ মতে এই লিপি আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ লগত ভাৰতবৰ্ষলৈ আহে। এওঁলোকৰ মতে ব্ৰাহ্মী লিপি চেমিটিক লিপিৰ(হিব্ৰু,আৰবী আদি পশ্চিম এছিয়াৰ ভাষাক চেমিটিক বুলি কয়) আধাৰত গঢ় লৈ উঠিছে।) 

ব্ৰাহ্মী লিপিৰ উৎস বিচাৰি আমি সিন্ধু লিপিৰ(সিন্ধু সভ্যতাৰ লগত জড়িত লিপি) ওচৰ চাপিব পাৰোঁ।ভোলানাথ তিৱাৰীয়ে ১৯৫৫ চনত সিন্ধু লিপিৰ দহটা চিন্হৰে ব্ৰাহ্মীৰ দহটা আখৰৰ হুবহু মিল দেখুৱাই ব্ৰাহ্মী লিপি যে সিন্ধু লিপিৰেই পৰৱৰ্তী ৰূপ সেই কথা প্ৰতিপন্ন কৰে।
গতিকে কব পাৰি যে বৈদিক সাহিত্য ৰক্ষার্থে ভাৰতবৰ্ষত লিপিৰ প্ৰয়োজন হোৱাত ব্ৰাহ্মী লিপিয়ে সেই অভাৱ ভালেখিনি পূৰ কৰে।

**৩৫০ খ্ৰীষ্টাব্দৰ পাছত ব্ৰাহ্মী দুটা ভাগত বিভক্ত হয়:
১)উত্তৰ ভাৰতত উত্তৰ ব্ৰাহ্মী আৰু ২)দক্ষিণ ভাৰতত দক্ষিণ ব্ৰাহ্মী

-------উত্তৰ ব্ৰাহ্মীৰ পৰৱৰ্তী কালত চতুৰ্থ-পঞ্চম শতিকাত গুপ্তলিপিৰ উদ্ভৱ হয়। গুপ্ত লিপিৰ ক্ৰমবিকাশৰ ফলত খ্রী. ষষ্ঠৰ পৰা নৱম শতিকাৰ ভিতৰত কুটিল লিপিৰ জন্ম হয়।এই কুটিল লিপিৰ পৰাই প্ৰায়বোৰ ভাৰতীয় আঞ্চলিক লিপি(যেনে: অসমীয়া,বাংলা,ওড়িয়া আদি)ৰ জন্ম হৈছে।

দক্ষিণ ব্ৰাহ্মীৰ পৰা দক্ষিণ ভাৰতীয় লিপিসমূহ আৰু লগতে ভাৰতৰ বাহিৰৰ যেনে: শ্ৰী লংকা,ম্যানমাৰ, কোৰিয়া আদি দেশৰ লিপিৰ বিকাশ হৈছে।

(লিপি বিষয়ক এই কথাখিনি এটা Flow Chart আঁকি দেখুৱাব পাৰিলে পৰীক্ষাত বেছি নম্বৰ পোৱা যাব।)

**ব্ৰাহ্মী লিপিৰ বৈশিষ্ট্যবিলাক তলত দিয়া ধৰণৰ:

১)এই লিপি সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়(দেৱনাগৰী লিপিৰ নিচিনাকৈ)।
২)ব্ৰাহ্মী লিপিৰ গঢ় সুন্দৰ আৰু সুপৰিকল্পিত।
৩)এই লিপিত অপ্ৰয়োজনীয় প্ৰতীক চিহ্ন পোৱা নাযায়।(ৰোমান লিপি অৰ্থাৎ ইংৰাজী ভাষাত অপ্ৰয়োজনীয় প্ৰতীক চিহ্ন তেনেই কম,আনহাতে আমাৰ অসমীয়াত কিছুমান অপ্ৰয়োজনীয় প্ৰতীক চিহ্ন আছে। যেনে: সূৰ্য্য/সূৰ্য।)

**ব্ৰাহ্মী লিপিৰ চাৰিটা বিকাশৰ স্তৰ দেখিবলৈ পোৱা যায় যথা ১)অশোকৰ অনুশাসনসমূহ ২)কুশান যুগৰ লিপি
৩)গুপ্ত যুগৰ লিপি  আৰু ৪)প্ৰাচীন আঞ্চলিক লিপিৰ আদি ৰূপ।

***প্ৰশ্ন: ব্ৰাহ্মী লিপিৰ বৈশিষ্ট্যসমূহ লিখা।
(Format: Introduction/body in 3-4 paragraphs/conclusion.)

(আগলৈ)
(হেমেন শৰ্মাৰ দ্বাৰা।)
(কৃতিত্ব: KKHSOU কিতাপ)

********************************************  
Target Exam: UPSC CSE Mains & APSC CCE Mains
Subject: Assamese Literature optional  

Comments

Popular posts from this blog

West Asian Theatrics(পশ্চিম এছিয়াৰ নাটকবাজী)

সাম্প্ৰতিক ঘটনাৱলী/জুন-২০২৫ (Current Affairs,June-2025)

সাম্প্ৰতিক ঘটনাৱলী(মে' ২০২৫)/ Current Affairs: March 2025