ভাৰতীয় লিপিৰ অধ্যয়ন-খৰোষ্ঠী লিপি
*****ভাৰতীয় লিপিৰ অধ্যয়ন******
(লিখনি-১)
খ্ৰীষ্ট পূৰ্ব বহু আগৰেপৰাই ভাৰতবৰ্ষৰ লেখন কলাই স্বাধীনভাৱে বিকাশৰ সুযোগ পায়। লিপিৰ ক্ৰম বিকাশৰ অধ্যয়ন কৰিলে গম পোৱা যায় যে এই লিপিমালাই প্ৰধানতঃ দুটা শাখাৰ মাজেৰে বিকাশ লাভ কৰিছিল।
সেয়া হৈছে---১)খৰোষ্ঠী লিপি আৰু ২)ব্ৰাহ্মী
ইয়াৰে খাৰোষ্ঠী ভাৰতৰ উত্তৰ পশ্চিমাঞ্চালত(যেনে: গান্ধাৰ প্ৰদেশ) আৰু ব্ৰাহ্মী আনবোৰ অঞ্চলত(যেনে: অসম,বেংগল আদি) বহুলভাৱে ব্যৱহৃত হৈছিল।
১)খাৰোষ্ঠী লিপি:
সম্ৰাট অশোকৰ দিনত ব্যৱহৃত হোৱা চাৰি প্ৰকাৰ লিপি(যেনে:আৰামীয়,গ্ৰীক,ব্ৰাহ্মী আৰু খাৰোষ্ঠী)ৰ ভিতৰত খাৰোষ্ঠী লিপি অন্যতম। এই লিপিৰ প্ৰাচীনতম নিদর্শন পোৱা যায় পাকিস্তানৰ মানচেহ্ ৰা আৰু শাহবাজগঢ়ী নামে ঠাইত উদ্ধাৰ হোৱা অশোকৰ দিনত লিখিত অনুশাসনসমূহত। অশোকৰ পিছত ভাৰত-যৱন,শক,কুশান আদি ৰজাসকলে খাৰোষ্ঠী লিপি ব্যৱহাৰ কৰে। খ্ৰীষ্টপূৰ্ব ৩০০ বছৰমানৰ পিছত এই লিপিৰ প্ৰয়োগ ক্ৰমান্বয়ে নাইকিয়া হৈ পৰে।
**এই লিপিৰ নামৰ উৎপত্তিৰ কাৰকসমূহ তলত দিয়া ধৰণৰ:
১)গাধ(খৰ)ৰ ছালত এই লিপি লিখাৰ আৰম্ভণি হয়। সেয়েহে 'খৰপৃষ্ঠী'ৰ পৰা খাৰোষ্ঠী হৈছে।
২)ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে হিব্ৰু "খৰোশেথ(খোদাই কৰা বা লিখা)" শব্দটোৱেই সংস্কৃতত খাৰোষ্ঠীলৈ পৰিৱৰ্তিত হয়।
এই লিপিৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ:
১)প্ৰথমাৱস্থাত এই লিপি সোঁফালৰ পৰা বাওঁফাললৈ লিখা নিয়ম আছিল। কিন্তু পিছলৈ বাওঁফালৰ পৰা সোঁফাললৈ লিখাৰ নিয়ম চলিল।
২)এই লিপি অত্যন্ত ঘঁহাই লিখা হয়।
৩)এই লিপিত দীৰ্ঘস্বৰ পোৱা নাযায় তথা ইয়াক পূৰ্ণ লিপি বুলি ধৰা নহয়।
৪)এই লিপিত সংযুক্ত ব্যঞ্জনৰ সংখ্যা কম।
৫)হ্ৰস্ব স্বৰ বুজাবলৈ বৃত্ত আৰু বিভিন্ন ৰেখাৰ প্ৰয়োগ কৰা হয়।
কিন্তু বৰ্তমান কালৰ ভাৰতীয় লিপিৰ অধ্যয়নৰ বাবে খাৰোষ্ঠী লিপিৰ বিশেষ মহত্ব নাই।
বি.দ্ৰ. খাৰোষ্ঠী লিপিৰ প্ৰশ্ন আগতে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অহা নাই।কিন্তু ব্ৰাহ্মী লিপিৰ প্ৰশ্ন আহিছে।
(আগলৈ)
(হেমেন শৰ্মাৰ দ্বাৰা।)
(কৃতিত্ব: KKHSOU কিতাপ)
********************************************
Subject: Assamese Literature Optional
Exam: UPSC-CSE/APSC-CCE Mains
Comments
Post a Comment